مريم ابنت عمران عليها السلام موسوعة القرآن الكريم
Towards providing reliable exegeses and translations of the meanings of the Noble Qur'an in the world languagesThe Opening [Al-Fatiha] - Assamese translation - Rafiqul Islam Habibur Rahman.
Surah The Opening [Al-Fatiha] Ayah 7 Location Maccah Number 1
(আৰম্ভ কৰিছোঁ) পৰম কৰুণাময় পৰম দয়ালু আল্লাহৰ নামত।
সকলো ধৰণৰ হামদ (প্ৰশংসা) বিশ্বজগতৰ ৰব আল্লাহৰ বাবে।
যিজন পৰম কৰুণাময়, পৰম দয়ালু।
বিচাৰ দিৱসৰ মালিক।
আমি কেৱল তোমাৰেই ইবাদত কৰোঁ, আৰু তোমাৰ ওচৰতেই সহায় প্ৰাৰ্থনা কৰোঁ।
আমাক সৰল পথৰ হিদায়ত দিয়া।
তেওঁলোকৰ পথ, যিসকলক তুমি নিয়ামত (অনুগ্ৰহ) প্ৰদান কৰিছা, সিহঁতৰ নহয়, যিসকলৰ ওপৰত তোমাৰ ক্ৰোধ আপতিত হৈছে আৰু সিহঁতৰো নহয় যিসকল পথভ্ৰষ্ট হৈছে।

