مريم ابنت عمران عليها السلام موسوعة القرآن الكريم
Towards providing reliable exegeses and translations of the meanings of the Noble Qur'an in the world languagesCompetition [At-Takathur] - Assamese Translation - Rafiqul Islam Habibur-Rahman
Surah Competition [At-Takathur] Ayah 8 Location Maccah Number 102
প্ৰাচুৰ্যৰ প্ৰতিযোগিতায় তোমালোকক অমনোযোগী কৰি ৰাখিছে।
যেতিয়ালৈকে তোমালোকে কবৰত উপনীত নোহোৱা।
সাৱধান! অতি সোনকালে তোমালোকে জানিবলৈ পাবা।
আকৌ সাৱধান! অতি সোনকালে তোমালোকে জানিবলৈ পাবা।
হায়! তোমালোকৰ নিশ্চিত জ্ঞান থাকিলে, নিশ্চিতভাৱে তোমালোকে জানিব পাৰিলাহেঁতেন (এই প্ৰতিযোগিতাৰ পৰিণাম কি)।
নিশ্চয় তোমালোকে জাহীম (জাহান্নাম) দেখিবলৈ পাবা।
আকৌ কৈছোঁ, নিশ্চয় তোমালোকে ইয়াক পতিয়ন যোৱাকৈ দেখিবা।
তাৰ পিছত সেইদিনা নিশ্চয় তোমালোকক নিয়ামত সম্পৰ্কে প্ৰশ্ন কৰা হ’ব।

