عربيEnglish

The Noble Qur'an Encyclopedia

Towards providing reliable exegeses and translations of the meanings of the Noble Qur'an in the world languages

The Cow [Al-Baqara] - Assamese translation - Rafiqul Islam Habibur Rahman. - Ayah 213

Surah The Cow [Al-Baqara] Ayah 286 Location Madanah Number 2

كَانَ ٱلنَّاسُ أُمَّةٗ وَٰحِدَةٗ فَبَعَثَ ٱللَّهُ ٱلنَّبِيِّـۧنَ مُبَشِّرِينَ وَمُنذِرِينَ وَأَنزَلَ مَعَهُمُ ٱلۡكِتَٰبَ بِٱلۡحَقِّ لِيَحۡكُمَ بَيۡنَ ٱلنَّاسِ فِيمَا ٱخۡتَلَفُواْ فِيهِۚ وَمَا ٱخۡتَلَفَ فِيهِ إِلَّا ٱلَّذِينَ أُوتُوهُ مِنۢ بَعۡدِ مَا جَآءَتۡهُمُ ٱلۡبَيِّنَٰتُ بَغۡيَۢا بَيۡنَهُمۡۖ فَهَدَى ٱللَّهُ ٱلَّذِينَ ءَامَنُواْ لِمَا ٱخۡتَلَفُواْ فِيهِ مِنَ ٱلۡحَقِّ بِإِذۡنِهِۦۗ وَٱللَّهُ يَهۡدِي مَن يَشَآءُ إِلَىٰ صِرَٰطٖ مُّسۡتَقِيمٍ [٢١٣]

(আদিতে) সকলো মানুহ এটাই উম্মতৰ অন্তৰ্ভুক্ত আছিল। (পিছলৈ তাত মানুহে বিভেদ সৃষ্টি কৰিছে) ফলত আল্লাহে নবীসকলক সুসংবাদদাতা আৰু সতৰ্ককাৰীৰূপে প্ৰেৰণ কৰিলে আৰু তেওঁলোকৰ লগত সত্যসহ কিতাব অৱতীৰ্ণ কৰিলে যাতে মানুহে যিবোৰ বিষয়ত মতভেদ কৰিছিল সেইবোৰৰ মীমাংসা কৰিব পাৰে; আৰু যিসকলক এইটো দিয়া হৈছিল, স্পষ্ট নিদৰ্শন সিহঁতৰ ওচৰলৈ অহাৰ পিছতো কেৱল পৰস্পৰ বিদ্বেষবশতঃ সিহঁতে সেই বিষয়ত মতভেদ সৃষ্টি কৰিছিল। তাৰ পিছত আল্লাহে তেওঁৰ ইচ্ছাক্ৰমে ঈমান্দাৰসকলক সেই সত্য বিষয়ত হিদায়ত কৰিছে, যি বিষয়ে সিহঁতে মতানৈক্য সৃষ্টি কৰিছিল; আৰু আল্লাহে যাক ইচ্ছা কৰে সৰল পথৰ ফালে হিদায়ত কৰে।