The Noble Qur'an Encyclopedia
Towards providing reliable exegeses and translations of the meanings of the Noble Qur'an in the world languagesThe Cow [Al-Baqara] - Assamese translation - Rafiqul Islam Habibur Rahman. - Ayah 249
Surah The Cow [Al-Baqara] Ayah 286 Location Madanah Number 2
فَلَمَّا فَصَلَ طَالُوتُ بِٱلۡجُنُودِ قَالَ إِنَّ ٱللَّهَ مُبۡتَلِيكُم بِنَهَرٖ فَمَن شَرِبَ مِنۡهُ فَلَيۡسَ مِنِّي وَمَن لَّمۡ يَطۡعَمۡهُ فَإِنَّهُۥ مِنِّيٓ إِلَّا مَنِ ٱغۡتَرَفَ غُرۡفَةَۢ بِيَدِهِۦۚ فَشَرِبُواْ مِنۡهُ إِلَّا قَلِيلٗا مِّنۡهُمۡۚ فَلَمَّا جَاوَزَهُۥ هُوَ وَٱلَّذِينَ ءَامَنُواْ مَعَهُۥ قَالُواْ لَا طَاقَةَ لَنَا ٱلۡيَوۡمَ بِجَالُوتَ وَجُنُودِهِۦۚ قَالَ ٱلَّذِينَ يَظُنُّونَ أَنَّهُم مُّلَٰقُواْ ٱللَّهِ كَم مِّن فِئَةٖ قَلِيلَةٍ غَلَبَتۡ فِئَةٗ كَثِيرَةَۢ بِإِذۡنِ ٱللَّهِۗ وَٱللَّهُ مَعَ ٱلصَّٰبِرِينَ [٢٤٩]
তাৰ পিছত তালুতে যেতিয়া সেনাবাহিনীসহ ওলাই আহিল, তেতিয়া তেওঁ ক’লে, ‘আল্লাহে তোমালোকক এটা নদীৰ দ্বাৰা পৰীক্ষা কৰিব। যিয়ে তাৰ পৰা পানী খাব সি মোৰ দলৰ অন্তৰ্ভুক্ত নহয়; আৰু যিয়ে তাৰ সোৱাদ গ্ৰহণ নকৰিব সি মোৰ দলভুক্ত; ইয়াৰ বাহিৰে যিয়ে এচলু পানী গ্ৰহণ কৰিব সিও (মোৰ দলৰ অন্তৰ্ভুক্ত)’। এতেকে কিছুসংখ্যক লোকৰ বাহিৰে আটায়ে তাৰ পৰা পানী পান কৰিলে। ইয়াৰ পিছত তেওঁ আৰু তেওঁৰ সংগী ঈমান্দাৰসকলে যেতিয়া নদী অতিক্ৰম কৰিলে তেতিয়া সিহঁতে ক’লে, ‘জালুত আৰু তাৰ সেনাবাহিনীৰ বিৰুদ্ধে যুদ্ধ কৰাৰ শক্তি আজি আৰু আমাৰ ওচৰত নাই’। কিন্তু যিসকলে দৃঢ় বিশ্বাস কৰিছিল যে, আল্লাহৰ লগত তেওঁলোকৰ সাক্ষাৎ হ’ব, তেওঁলোকে ক’লে, ‘আল্লাহৰ আদেশত কিমান যে ক্ষুদ্ৰ দলে কিমান বৃহৎ দলক পৰাজয় কৰিছে’! আৰু আল্লাহ ধৈৰ্য্যশীলসকলৰ লগত আছে।