عربيEnglish

The Noble Qur'an Encyclopedia

Towards providing reliable exegeses and translations of the meanings of the Noble Qur'an in the world languages

The Cow [Al-Baqara] - Assamese translation - Rafiqul Islam Habibur Rahman. - Ayah 266

Surah The Cow [Al-Baqara] Ayah 286 Location Madanah Number 2

أَيَوَدُّ أَحَدُكُمۡ أَن تَكُونَ لَهُۥ جَنَّةٞ مِّن نَّخِيلٖ وَأَعۡنَابٖ تَجۡرِي مِن تَحۡتِهَا ٱلۡأَنۡهَٰرُ لَهُۥ فِيهَا مِن كُلِّ ٱلثَّمَرَٰتِ وَأَصَابَهُ ٱلۡكِبَرُ وَلَهُۥ ذُرِّيَّةٞ ضُعَفَآءُ فَأَصَابَهَآ إِعۡصَارٞ فِيهِ نَارٞ فَٱحۡتَرَقَتۡۗ كَذَٰلِكَ يُبَيِّنُ ٱللَّهُ لَكُمُ ٱلۡأٓيَٰتِ لَعَلَّكُمۡ تَتَفَكَّرُونَ [٢٦٦]

তোমালোকৰ কোনোবাই বিচৰানে যে, তাৰ বাবে খেজুৰ আৰু আঙুৰৰ এখন উদ্যান হওক, যাৰ মাজেৰে নদী প্ৰবাহিত থাকিব, লগতে সেই উদ্যানত তাৰ বাবে সকলো ধৰণৰ ফলমূল থাকিব, তেনে অৱস্থাতে তাক বাৰ্ধক্যই পাব আৰু ইপিনে তাৰ কিছুমান দুৰ্বল সন্তান-সন্ততিও থাকিব, এনেকুৱা পৰিস্থিতিত তাৰ এই উদ্যানৰ ওপৰত এটা অগ্নিসহ প্ৰচণ্ড ঘুৰ্ণি বতাহ আহি উদ্যানখন দাহ কৰি যাব (এইটো তোমালোকৰ কোনোবাই বিচৰানে)? এইদৰেই আল্লাহে তেওঁৰ নিদৰ্শনসমূহ তোমালোকৰ বাবে সুস্পষ্টভাৱে ব্যক্ত কৰে, যাতে তোমালোকে চিন্তা-ভাৱনা আৰু গৱেষণা কৰা।