The Noble Qur'an Encyclopedia
Towards providing reliable exegeses and translations of the meanings of the Noble Qur'an in the world languagesThe Cow [Al-Baqara] - Assamese translation - Rafiqul Islam Habibur Rahman. - Ayah 273
Surah The Cow [Al-Baqara] Ayah 286 Location Madanah Number 2
لِلۡفُقَرَآءِ ٱلَّذِينَ أُحۡصِرُواْ فِي سَبِيلِ ٱللَّهِ لَا يَسۡتَطِيعُونَ ضَرۡبٗا فِي ٱلۡأَرۡضِ يَحۡسَبُهُمُ ٱلۡجَاهِلُ أَغۡنِيَآءَ مِنَ ٱلتَّعَفُّفِ تَعۡرِفُهُم بِسِيمَٰهُمۡ لَا يَسۡـَٔلُونَ ٱلنَّاسَ إِلۡحَافٗاۗ وَمَا تُنفِقُواْ مِنۡ خَيۡرٖ فَإِنَّ ٱللَّهَ بِهِۦ عَلِيمٌ [٢٧٣]
(চাদাকা হৈছে) সেইসকল অভাৱগ্ৰস্থ লোকৰ প্ৰাপ্য, যিসকলে আল্লাহৰ পথত এনেকৈ ব্যাপৃত যে, (জীৱিকাৰ সন্ধানত) পৃথিৱীত চলা ফুৰা কৰিব নোৱাৰে; আত্মসন্মানবোধৰ বাবে তেওঁলোকে আনৰ ওচৰত খুজি নোখোৱাৰ কাৰণে অজ্ঞ লোকসকলে তেওঁলোকক অভাৱমুক্ত বুলি ধাৰণা কৰে; তুমি তেওঁলোকৰ লক্ষণ দেখিয়ে চিনিব পাৰিবা। তেওঁলোকে মানুহৰ পাছে পাছে গৈ ব্যাকুলভাৱে সহায় ভিক্ষা কৰি নুফুৰে; আৰু যি ধন-সম্পদ তোমালোকে দান কৰা, নিশ্চয় আল্লাহ সেই বিষয়ে সবিশেষ জানে।