عربيEnglish

مريم ابنت عمران عليها السلام موسوعة القرآن الكريم

Towards providing reliable exegeses and translations of the meanings of the Noble Qur'an in the world languages

The Cow [Al-Baqara] - Assamese Translation - Rafiqul Islam Habibur-Rahman - Ayah 61

Surah The Cow [Al-Baqara] Ayah 286 Location Madanah Number 2

وَإِذۡ قُلۡتُمۡ يَٰمُوسَىٰ لَن نَّصۡبِرَ عَلَىٰ طَعَامٖ وَٰحِدٖ فَٱدۡعُ لَنَا رَبَّكَ يُخۡرِجۡ لَنَا مِمَّا تُنۢبِتُ ٱلۡأَرۡضُ مِنۢ بَقۡلِهَا وَقِثَّآئِهَا وَفُومِهَا وَعَدَسِهَا وَبَصَلِهَاۖ قَالَ أَتَسۡتَبۡدِلُونَ ٱلَّذِي هُوَ أَدۡنَىٰ بِٱلَّذِي هُوَ خَيۡرٌۚ ٱهۡبِطُواْ مِصۡرٗا فَإِنَّ لَكُم مَّا سَأَلۡتُمۡۗ وَضُرِبَتۡ عَلَيۡهِمُ ٱلذِّلَّةُ وَٱلۡمَسۡكَنَةُ وَبَآءُو بِغَضَبٖ مِّنَ ٱللَّهِۚ ذَٰلِكَ بِأَنَّهُمۡ كَانُواْ يَكۡفُرُونَ بِـَٔايَٰتِ ٱللَّهِ وَيَقۡتُلُونَ ٱلنَّبِيِّـۧنَ بِغَيۡرِ ٱلۡحَقِّۚ ذَٰلِكَ بِمَا عَصَواْ وَّكَانُواْ يَعۡتَدُونَ [٦١]

আৰু যেতিয়া তোমালোকে কৈছিলা, ‘হে মূছা! আমি একেই ধৰণৰ খাদ্যৰ ওপৰত কেতিয়াও ধৈৰ্য ধাৰণ কৰিব নোৱাৰিম। এতেকে তুমি তোমাৰ প্ৰতিপালকৰ ওচৰত আমাৰ বাবে প্ৰাৰ্থনা কৰা... তেওঁ যেন আমাৰ বাবে ভূমিজাত দ্ৰৱ্য শাক-পাচলি, তিয়ঁহ, গম, দাইল আৰু পিঁয়াজ উত্পাদন কৰে’। মূছাই ক’লে, ‘তোমালোকে উত্তম বস্তুৰ পৰিবৰ্তে নিম্নমানৰ বস্তু বিচৰা নেকি? তেন্তে কোনো চহৰলৈ গুচি যোৱা, তাত তোমালোকে নিশ্চয় তোমালোকৰ বিচৰা বস্তুবোৰ পাবা’; আৰু সিহঁতৰ ওপৰত লাঞ্ছনা আৰু দাৰিদ্ৰতা আপতিত হ’ল, লগতে সিহঁত আল্লাহৰ গযবৰ চিকাৰ হ’ল। এইটো এই কাৰণে যে, সিহঁতে আল্লাহৰ আয়াতসমূহক অস্বীকাৰ কৰিছিল আৰু নবীসকলক অন্যায়ভাৱে হত্যা কৰিছিল। অবাধ্যতা আৰু সীমালঙ্ঘন কৰাৰ বাবেই সিহঁতৰ এই পৰিণতি হৈছিল।