The Noble Qur'an Encyclopedia
Towards providing reliable exegeses and translations of the meanings of the Noble Qur'an in the world languagesThe Women [An-Nisa] - Assamese translation - Rafiqul Islam Habibur Rahman. - Ayah 1
Surah The Women [An-Nisa] Ayah 176 Location Madanah Number 4
يَٰٓأَيُّهَا ٱلنَّاسُ ٱتَّقُواْ رَبَّكُمُ ٱلَّذِي خَلَقَكُم مِّن نَّفۡسٖ وَٰحِدَةٖ وَخَلَقَ مِنۡهَا زَوۡجَهَا وَبَثَّ مِنۡهُمَا رِجَالٗا كَثِيرٗا وَنِسَآءٗۚ وَٱتَّقُواْ ٱللَّهَ ٱلَّذِي تَسَآءَلُونَ بِهِۦ وَٱلۡأَرۡحَامَۚ إِنَّ ٱللَّهَ كَانَ عَلَيۡكُمۡ رَقِيبٗا [١]
হে মানৱজাতি! তোমালোকে নিজ প্ৰতিপালকৰ তাক্বৱা অৱলম্বন কৰা, যিজনে তোমালোকক এটা প্ৰাণৰ পৰা সৃষ্টি কৰিছে আৰু তাৰ পৰাই তেওঁৰ স্ত্ৰী সৃষ্টি কৰিছে, আৰু তেওঁলোক দুজনৰ পৰা বহুতো নৰ-নাৰী বিস্তাৰ কৰিছে; তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা, যাৰ নামৰ দোহাই দি তোমালোকে পৰস্পৰে অধিকাৰ সাব্যস্ত কৰা, লগতে তেজ-সম্পৰ্কীয় আত্মীয়তা ছিন্ন কৰাৰ ক্ষেত্ৰতো ভয় কৰা। নিশ্চয় আল্লাহ তোমালোকৰ ওপৰত পৰ্যবেক্ষক।