عربيEnglish

The Noble Qur'an Encyclopedia

Towards providing reliable exegeses and translations of the meanings of the Noble Qur'an in the world languages

The Table Spread [Al-Maeda] - Assamese translation - Rafiqul Islam Habibur Rahman. - Ayah 12

Surah The Table Spread [Al-Maeda] Ayah 120 Location Madanah Number 5

۞ وَلَقَدۡ أَخَذَ ٱللَّهُ مِيثَٰقَ بَنِيٓ إِسۡرَٰٓءِيلَ وَبَعَثۡنَا مِنۡهُمُ ٱثۡنَيۡ عَشَرَ نَقِيبٗاۖ وَقَالَ ٱللَّهُ إِنِّي مَعَكُمۡۖ لَئِنۡ أَقَمۡتُمُ ٱلصَّلَوٰةَ وَءَاتَيۡتُمُ ٱلزَّكَوٰةَ وَءَامَنتُم بِرُسُلِي وَعَزَّرۡتُمُوهُمۡ وَأَقۡرَضۡتُمُ ٱللَّهَ قَرۡضًا حَسَنٗا لَّأُكَفِّرَنَّ عَنكُمۡ سَيِّـَٔاتِكُمۡ وَلَأُدۡخِلَنَّكُمۡ جَنَّٰتٖ تَجۡرِي مِن تَحۡتِهَا ٱلۡأَنۡهَٰرُۚ فَمَن كَفَرَ بَعۡدَ ذَٰلِكَ مِنكُمۡ فَقَدۡ ضَلَّ سَوَآءَ ٱلسَّبِيلِ [١٢]

আৰু নিশ্চয় আল্লাহে বনী ইছৰাঈলৰ পৰা অঙ্গীকাৰ গ্ৰহণ কৰিছিল, আৰু সিহঁতৰ মাজৰ পৰা বাৰজন লোকক আমি দলপতি নিযুক্ত কৰি প্ৰেৰণ কৰিছিলোঁ। আল্লাহে কৈছিল, ‘নিশ্চয় আমি তোমালোকৰ লগত আছোঁ, যদি তোমালোকে ছালাত কায়েম কৰা, যাকাত প্ৰদান কৰা, আৰু আমাৰ ৰাছুলসকলৰ প্ৰতি ঈমান পোষণ কৰা, তেওঁলোকক সন্মান কৰা তথা সহায়-সহযোগিতা কৰা আৰু আল্লাহক উত্তম ঋণ প্ৰদান কৰা, তেন্তে নিশ্চয় আমি তোমালোকৰ পাপসমূহ মোচন কৰিম আৰু তোমালোকক অৱশ্যে জান্নাতত প্ৰৱেশ কৰাম যাৰ তলদেশত নদীসমূহ প্ৰবাহিত’। ইয়াৰ পিছতো যিয়ে কুফুৰী কৰিব সি নিশ্চিতভাৱে সৰল পথৰ পৰা আঁতৰি যাব।