۞إِنَّ ٱللَّهَ ٱصۡطَفَىٰٓ ءَادَمَ وَنُوحٗا وَءَالَ إِبۡرَٰهِيمَ وَءَالَ عِمۡرَٰنَ عَلَى ٱلۡعَٰلَمِينَ
الأسامية | অসমীয়া
নিসন্দেহে আল্লাহে আদমক নিৰ্বাচন কৰিছিল আৰু ফিৰিস্তাসকলৰ দ্বাৰাই তেওঁক ছাজদাহকৰোৱাইছিল। আৰু নূহক নিৰ্বাচন কৰি পৃথিৱীবাসীৰ বাবে প্ৰথম ৰাছুল হিচাপে প্ৰেৰণকৰিছিল। ইব্ৰাহীমৰ বংশ নিৰ্বাচন কৰি তেওঁৰ বংশত নবুওৱত অৱশিষ্ট ৰাখিছিল। আৰুনিৰ্বাচন কৰিছিল ইমৰাণৰ পৰিয়ালক। এই সকলোকে তেওঁ নিৰ্বাচন কৰিছিল আৰুতেওঁলোকক সমকালীন লোক সকলৰ ওপৰত শ্ৰেষ্ঠতা প্ৰদান কৰিছিল।
ذُرِّيَّةَۢ بَعۡضُهَا مِنۢ بَعۡضٖۗ وَٱللَّهُ سَمِيعٌ عَلِيمٌ
الأسامية | অসমীয়া
ওপৰত যিসকল নবীৰ নাম আৰু তেওঁলোকৰ অনুসাৰী সন্তানসকলৰ বৰ্ণনা কৰা হৈছে, তেওঁলোক ইজনে সিজনৰ বংশধৰ আৰু তেওঁলোকে পৰস্পৰৰ পৰা একেশ্বৰবাদ (তাওহীদ)আৰু সত্কৰ্মৰ শিক্ষা গ্ৰহণ কৰিছিল। লগতে তেওঁলোকে পৰস্পৰৰ সদ্ব্যৱহাৰ আৰু উত্কৃষ্টবৈশিষ্ট্যসমূহৰ উত্তৰাধিকাৰী হৈছিল। নিশ্চয় আল্লাহে তেওঁৰ বান্দাসকলৰ কথা শ্ৰৱণ কৰেআৰু সিহঁতৰ কৰ্ম সম্পৰ্কে অৱগত। সেয়ে তেওঁ যাক ইচ্ছা কৰে নিৰ্বাচন কৰে আৰু যাক ইচ্ছাকৰে বাচনি কৰে।
إِذۡ قَالَتِ ٱمۡرَأَتُ عِمۡرَٰنَ رَبِّ إِنِّي نَذَرۡتُ لَكَ مَا فِي بَطۡنِي مُحَرَّرٗا فَتَقَبَّلۡ مِنِّيٓۖ إِنَّكَ أَنتَ ٱلسَّمِيعُ ٱلۡعَلِيمُ
الأسامية | অসমীয়া
হে ৰাছুল! স্মৰণ কৰা সেই সময়ক, যেতিয়া ইমাৰণৰ পত্নী মৰিয়মৰ মাকে কৈছিলঃ হে মোৰপ্ৰতিপালক! মই মোৰ ওপৰত অনিবাৰ্য কৰি লৈছো যে, মোৰ গৰ্ভত যি সন্তান আছে তাক কেৱলতোমাৰ সন্তুষ্টি লাভৰ উদ্দেশ্যে সকলো বস্তুৰ পৰা মুক্ত কৰি দিম, যাতে সেই সন্তানে তোমাৰআৰু তোমাৰ ঘৰৰ সেৱা আগবঢ়াব পাৰে। তুমি মোৰ এই দুআ কবুল কৰা। নিশ্চয় তুমি মোৰদুআ শ্ৰৱণকাৰী আৰু মোৰ নিয়্যত সম্পৰ্কে সম্যক অৱগত।
فَلَمَّا وَضَعَتۡهَا قَالَتۡ رَبِّ إِنِّي وَضَعۡتُهَآ أُنثَىٰ وَٱللَّهُ أَعۡلَمُ بِمَا وَضَعَتۡ وَلَيۡسَ ٱلذَّكَرُ كَٱلۡأُنثَىٰۖ وَإِنِّيسَمَّيۡتُهَا مَرۡيَمَ وَإِنِّيٓ أُعِيذُهَا بِكَ وَذُرِّيَّتَهَا مِنَ ٱلشَّيۡطَٰنِ ٱلرَّجِيمِ
الأسامية | অসমীয়া
যেতিয়া গৰ্ভৰ সময় সম্পূৰ্ণ হল আৰু প্ৰসৱ কৰিলে। তেতিয়া ইমৰাণৰ পত্নীয়ে– যিহেতু তেওঁমনে মনে আশা পোষণ কৰিছিল পুত্ৰ সন্তান জন্ম হব, কিন্তু তেওঁৰ আশাৰ বিপৰীতে ছোৱালীহেজন্ম হল, সেয়ে মিনতি কৰি কলেঃ “হে মোৰ প্ৰতিপালক! মই কন্যা সন্তানহে জন্ম দিছো!”যদিও আল্লাহে ভালকৈ জানে যে, কি সন্তান জন্ম হৈছে কিন্তু তেওঁ যি সন্তান জন্ম দিছে সেইসন্তান তেওঁ কামনা কৰা পুত্ৰ সন্তানতকৈ শাৰীৰিক দিশত অধিক শক্তিশালী। লগতে তেওঁআৰু কলেঃ মই ইয়াৰ নাম ৰাখিছো মাৰইয়াম লগতে ইয়াক আৰু ইয়াৰ সন্তানক বিতাড়িতচয়তানৰ পৰা ৰক্ষা দায়িত্ব তোমাৰ ওপৰত অৰ্পন কৰিছো।
فَتَقَبَّلَهَا رَبُّهَا بِقَبُولٍ حَسَنٖ وَأَنۢبَتَهَا نَبَاتًا حَسَنٗا وَكَفَّلَهَا زَكَرِيَّاۖ كُلَّمَا دَخَلَ عَلَيۡهَا زَكَرِيَّا ٱلۡمِحۡرَابَ وَجَدَعِندَهَا رِزۡقٗاۖ قَالَ يَٰمَرۡيَمُ أَنَّىٰ لَكِ هَٰذَاۖ قَالَتۡ هُوَ مِنۡ عِندِ ٱللَّهِۖ إِنَّ ٱللَّهَ يَرۡزُقُ مَن يَشَآءُ بِغَيۡرِ حِسَابٍ
الأسامية | অসমীয়া
আল্লাহে তেওঁৰ এই মান্নত উত্তমভাৱে স্বীকাৰ কৰিলে, মাৰইয়ামক উত্তমভাৱে লালন–পালনকৰিলে, তেওঁৰ নেক বান্দাসকলৰ অন্তৰত মৰিয়মৰ বাবে দয়া ওপজাই দিলে আৰু মাৰইয়ামৰসংৰক্ষণৰ দায়িত্ব জাকাৰিয়্যা আলাইহিছ ছালামক অৰ্পন কৰিলে। জাকাৰিয়্যা আলাইহিছছালামে যেতিয়াই উপাসনা স্থলত প্ৰৱেশ কৰিছিল তেতিয়াই মাৰইয়ামৰ ওচৰত বিভিন্ন ধৰণৰউত্তম জীৱিকা দেখিবলৈ পাইছিল। এই দেখি জাকাৰিয়্যা আলাইহিছ ছালামে আচৰিত হৈসুধিছিলঃ হে মাৰইয়াম! তোমাৰ ওচৰত এইবোৰ খাদ্য কৰ পৰা আহে? তেওঁ উত্তৰ দি কৈছিলঃএইবোৰ খাদ্য আল্লাহৰ তৰফৰ পৰা দিয়া হৈছে। নিশ্চয় আল্লাহে যাক ইচ্ছা কৰে প্ৰচুৰপৰিমাণে জীৱিকা দান কৰে।
وَإِذۡ قَالَتِ ٱلۡمَلَـٰٓئِكَةُ يَٰمَرۡيَمُ إِنَّ ٱللَّهَ ٱصۡطَفَىٰكِ وَطَهَّرَكِ وَٱصۡطَفَىٰكِ عَلَىٰ نِسَآءِ ٱلۡعَٰلَمِينَ
الأسامية | অসমীয়া
হে ৰাছুল! সেই সময়ক স্মৰণ কৰক, যেতিয়া ফিৰিস্তাসকলে মাৰইয়াম আলাইহিছ ছালামককৈছিলঃ আল্লাহে তোমাক তোমাৰ উত্কৃষ্ট বৈশিষ্ট্যৰ ফলত নিৰ্বাচন কৰিছে। তোমাক বিভিন্নত্ৰুটিৰ পৰা পৱিত্ৰ কৰিছে আৰু তোমাৰ যুগৰ সকলো নাৰীৰ মাজৰ পৰা তোমাক নিৰ্বাচিতকৰিছে।
يَٰمَرۡيَمُ ٱقۡنُتِي لِرَبِّكِ وَٱسۡجُدِي وَٱرۡكَعِي مَعَ ٱلرَّـٰكِعِينَ
الأسامية | অসমীয়া
হে মাৰইয়াম! ছালাতৰ ক্বিয়াম (থিয় হৈ থকা অৱস্থা) দীৰ্ঘ কৰা, নিজ প্ৰতিপালকক ছাজদাহকৰা আৰু তেওঁ ৰুকুকাৰী নেক বান্দাসকলৰ লগত ৰুকু কৰা।
ذَٰلِكَ مِنۡ أَنۢبَآءِ ٱلۡغَيۡبِ نُوحِيهِ إِلَيۡكَۚ وَمَا كُنتَ لَدَيۡهِمۡ إِذۡ يُلۡقُونَ أَقۡلَٰمَهُمۡ أَيُّهُمۡ يَكۡفُلُ مَرۡيَمَ وَمَا كُنتَلَدَيۡهِمۡ إِذۡ يَخۡتَصِمُونَ
الأسامية | অসমীয়া
জাকাৰিয়্যা আৰু মাৰইয়াম আলাইহিমাছ ছালাম সম্পৰ্কে উপৰোক্ত বৰ্ণনাসমূহ গায়েবৰঅন্তৰ্ভুক্ত, যিটো আমি –হে ৰাছুল– আপোনাৰ প্ৰতি অহী কৰিছো। আপুনি সেই ধৰ্মগুৰু আৰুনেক মানুহসকলৰ ওচৰত উপস্থিত নাছিল, যেতিয়া সিহঁতে পৰস্পৰে এই কথাত বাদানুবাদকৰি আছিল যে, মাৰইয়ামৰ লালন–পালনৰ অধিক হকদাৰ কোন? বিবাদ ইমান ডাঙৰ হৈ গলযে, সিহঁত এই বিষয়ে লটাৰী কৰিবলৈ বাধ্য হল, আৰু নিজৰ নিজৰ কলম নিক্ষেপ কৰিলে।ফলত জাকাৰিয়্যা আলাইহিছ ছালামৰ কলমে সফলতা অৰ্জন কৰিলে।
إِذۡ قَالَتِ ٱلۡمَلَـٰٓئِكَةُ يَٰمَرۡيَمُ إِنَّ ٱللَّهَ يُبَشِّرُكِ بِكَلِمَةٖ مِّنۡهُ ٱسۡمُهُ ٱلۡمَسِيحُ عِيسَى ٱبۡنُ مَرۡيَمَ وَجِيهٗا فِيٱلدُّنۡيَا وَٱلۡأٓخِرَةِ وَمِنَ ٱلۡمُقَرَّبِينَ
الأسامية | অসমীয়া
হে ৰাছুল! সেই সময়ক স্মৰণ কৰক, যেতিয়া ফিৰিস্তাসকলে কৈছিলঃ হে মাৰইয়াম! আল্লাহেতোমালৈ এজন সুসন্তানৰ সংবাদ প্ৰেৰণ কৰিছে, যাৰ জন্ম পিতৃ নোহোৱাকৈ হব। তেওঁৰ জন্মআল্লাহৰ এটা শব্দ দ্বাৰা হব, আল্লাহে ক’ব “কূন” (হোৱা), ফলত আল্লাহৰ আদেশত পুত্ৰ সন্তানজন্ম লাভ কৰিব। তেওঁৰ নাম হব মছীহ ঈছা ইবনে মৰিয়ম। তেওঁ পৃথিৱী আৰু আখিৰাততউচ্চ মৰ্যাদা লাভ কৰিব লগতে তেওঁ আল্লাহৰ নৈকট্যপ্ৰাপ্ত বান্দাসকলৰ অন্তৰ্ভুক্ত হ’ব।
وَيُكَلِّمُ ٱلنَّاسَ فِي ٱلۡمَهۡدِ وَكَهۡلٗا وَمِنَ ٱلصَّـٰلِحِينَ
الأسامية | অসমীয়া
তেওঁ কথা কোৱাৰ বয়সত উপনীত হোৱাৰ পূৰ্বেই কোলাত থকা অৱস্থাতে মানুহৰ লগত কথাকব আৰু সেই সময়তো কথা ক’ব যেতিয়া তেওঁ ডাঙৰ হৈ শক্তিশালী আৰু পুৰুষত পৰিণতহব। তেওঁ মানুহক এনেকুৱা কথাৰ উপদেশ দিব যিটো সিহঁতৰ দ্বীন আৰু দুনিয়াৰ কল্যাণ হবলগতে তেওঁ নিজ কথা আৰু কৰ্মত সত্যবাদী হ’ব।
قَالَتۡ رَبِّ أَنَّىٰ يَكُونُ لِي وَلَدٞ وَلَمۡ يَمۡسَسۡنِي بَشَرٞۖ قَالَ كَذَٰلِكِ ٱللَّهُ يَخۡلُقُ مَا يَشَآءُۚ إِذَا قَضَىٰٓ أَمۡرٗا فَإِنَّمَايَقُولُ لَهُۥ كُن فَيَكُونُ
الأسامية | অসমীয়া
স্বামী নোহোৱাকৈ সন্তান লাভ কৰিব বুলি শুনি মাৰইয়ামে আচৰিত হৈ ক’লেঃ মোৰ কেনেকৈসন্তান হ’ব, অথচ কোনো পুৰুষে বৈধ অথবা অবৈধ কোনো ভাৱেই মোৰ ওচৰলৈ অহা নাই, ফিৰিস্তাই ক’লেঃ যিদৰে আল্লাহে তোমাৰ সন্তান পিতৃ নোহোৱাকৈ সৃষ্টি কৰিব, ঠিক সেইদৰেতেওঁ যি ইচ্ছা কৰে সেইটোকে প্ৰাকৃতিক নিয়মৰ বিপৰীতে সৃষ্টি কৰে। যেতিয়া তেওঁ কোনোকাম কৰাৰ ইচ্ছা পোষণ কৰে তেতিয়া কেৱল কয় “কূন” (হোৱা) ফলত সেয়া হৈ যায়। তেওঁককোনেও অপাৰগ কৰিব নোৱাৰে।
وَيُعَلِّمُهُ ٱلۡكِتَٰبَ وَٱلۡحِكۡمَةَ وَٱلتَّوۡرَىٰةَ وَٱلۡإِنجِيلَ
الأسامية | অসমীয়া
আল্লাহে তেওঁক লিখন–কলা শিকাব, সঠিক কথা তথা সত্কৰ্ম কৰাৰ তাওফীক প্ৰদান কৰিব, মুছা আলাইহিছ ছালামৰ ওপৰত অৱতীৰ্ণ পুথি তাওৰাতৰ জ্ঞান দিব লগতে ইঞ্জীলৰ শিক্ষাদিব, যিটো অচিৰেই তেওঁৰ ওপৰত অৱতীৰ্ণ হ’ব।