وَبِكُفۡرِهِمۡ وَقَوۡلِهِمۡ عَلَىٰ مَرۡيَمَ بُهۡتَٰنًا عَظِيمٗا
الأسامية | অসমীয়া
আৰু আমি সিহঁতক আমাৰ কৃপাৰ পৰা দূৰ কৰিছিলো, কিয়নো সিহঁতে কুফুৰী কৰিছিল আৰুমৰিয়ম আলাইহাছ ছালামৰ প্ৰতি ব্যভিচাৰৰ মিছা আৰোপ লগাইছিল।
يَـٰٓأَهۡلَ ٱلۡكِتَٰبِ لَا تَغۡلُواْ فِي دِينِكُمۡ وَلَا تَقُولُواْ عَلَى ٱللَّهِ إِلَّا ٱلۡحَقَّۚ إِنَّمَا ٱلۡمَسِيحُ عِيسَى ٱبۡنُ مَرۡيَمَ رَسُولُٱللَّهِ وَكَلِمَتُهُۥٓ أَلۡقَىٰهَآ إِلَىٰ مَرۡيَمَ وَرُوحٞ مِّنۡهُۖ فَـَٔامِنُواْ بِٱللَّهِ وَرُسُلِهِۦۖ وَلَا تَقُولُواْ ثَلَٰثَةٌۚ ٱنتَهُواْ خَيۡرٗا لَّكُمۡۚ إِنَّمَاٱللَّهُ إِلَٰهٞ وَٰحِدٞۖ سُبۡحَٰنَهُۥٓ أَن يَكُونَ لَهُۥ وَلَدٞۘ لَّهُۥ مَا فِي ٱلسَّمَٰوَٰتِ وَمَا فِي ٱلۡأَرۡضِۗ وَكَفَىٰ بِٱللَّهِ وَكِيلٗا
الأسامية | অসমীয়া
হে ৰাছুল! আপুনি ইঞ্জীল ধাৰী ইয়াহুদীসকলক কৈ দিয়ক, নিজ ধৰ্ম সংক্ৰান্তত সীমা অতিক্ৰমনকৰিবা, আৰু আল্লাহৰ প্ৰতি মিছা আৰোপ নকৰিবা লগতে ঈছা আলাইহিচ ছালাম সম্পৰ্কেসত্যৰ বাহিৰে আন একো নকবা। মৰিয়ম পুত্ৰ ঈছা আলাইহিচ ছালাম আল্লাহৰ ৰাছুল, তেওঁকআল্লাহে সত্য সহকাৰে প্ৰেৰণ কৰিছিল। আল্লাহে তেওঁক এটা শব্দৰ দ্বাৰা সৃষ্টি কৰিছে, যিটোআল্লাহে জিব্ৰীলৰ জৰিয়তে মৰিয়মৰ ওচৰলৈ প্ৰেৰণ কৰিছিল। আৰু সেই শব্দটো আছিল“কুন” অৰ্থাৎ হৈ যা, ফলত হৈ গল। দৰাচলতে এয়া আল্লাহৰ ফালৰ পৰা এটা ফুঁ আছিল, যিটোজিব্ৰীলে আল্লাহৰ আদেশত ফুৱাইছিল। এতেকে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ সকলৰ ওপৰতকোনো ধৰণৰ ভেদাভেদ নকৰি ঈমান পোষণ কৰা। আৰু উপাস্য তিনিজন বুলি নকবা।এনেকুৱা মিছা আৰু নিকৃষ্ট কথাৰ পৰা বিৰত থাকা, তেতিয়াহে পৃথিৱী আৰু আখিৰাততকল্যাণ পাবা। কেৱল আল্লাহেই একমাত্ৰ উপাস্য, তেওঁ পুত্ৰ তথা অংশীদাৰৰ পৰা পৱিত্ৰ।তেওঁৰ কোনো বস্তুৰ প্ৰয়োজন নাই। আকাশমণ্ডল আৰু পৃথিৱীত যি আছে সেই সকলোতেওঁৰেই অধীন। তথা আকাশমণ্ডল আৰু পৃথিৱীৰ প্ৰতিষ্ঠা আৰু পৰিচালনাৰ বাবে একমাত্ৰআল্লাহেই যথেষ্ট।