التصنيفات
القرآن الكريم

المختصر في التفسير অসমীয়া سورة [المائدة]

لَّقَدۡ كَفَرَ ٱلَّذِينَ قَالُوٓاْ إِنَّ ٱللَّهَ هُوَ ٱلۡمَسِيحُ ٱبۡنُ مَرۡيَمَۚ قُلۡ فَمَن يَمۡلِكُ مِنَ ٱللَّهِ شَيۡـًٔا إِنۡ أَرَادَ أَن يُهۡلِكَٱلۡمَسِيحَ ٱبۡنَ مَرۡيَمَ وَأُمَّهُۥ وَمَن فِي ٱلۡأَرۡضِ جَمِيعٗاۗ وَلِلَّهِ مُلۡكُ ٱلسَّمَٰوَٰتِ وَٱلۡأَرۡضِ وَمَا بَيۡنَهُمَاۚ يَخۡلُقُ مَايَشَآءُۚ وَٱللَّهُ عَلَىٰ كُلِّ شَيۡءٖ قَدِيرٞ

الأسامية | অসমীয়া

সেই সকল খৃষ্টানে কুফুৰী কৰিছে যিসকলে কয় যে, আল্লাহেই হৈছে ঈছা ইবনে মৰিয়ম। হেৰাছুল! আপুনি সিহঁতক কৈ দিয়ক, আল্লাহে যদি ঈছা ইবনে মৰিয়ম আৰু তেওঁৰ মাকক আৰুপৃথিৱীৰ বুকুত যি সেই সকলোকে ধ্বংস কৰিব বিচাৰে তেন্তে কোন আছে এনেকুৱা যিয়েআল্লাহৰ এই কাৰ্যক বাধা প্ৰদান কৰিব পাৰিব? যদি কোনেও নোৱাৰে তেন্তে এই কথাপ্ৰমাণিত যে, আল্লাহৰ বাহিৰে আন কোনো সত্য ইলাহ নাই। আৰু ঈছা ইবনে মৰিয়মৰ লগতেতেওঁ মাতৃ আৰু সকলোৱেই আল্লাহৰ সৃষ্টি। আকাশমণ্ডল, পৃথিৱী আৰু এই দুয়োৰ মাজত যিআছে, সেই সকলোবোৰেৰে মালিক আল্লাহ। তেওঁ যি ইচ্ছা কৰে সৃষ্টি কৰে। আৰু যিসকলকতেওঁ সৃষ্টি কৰিছে সেইসকলৰ মাজত এজন হৈছে ঈছা আলাইহিছ ছালাম। এতেকে তেওঁআল্লাহৰ বান্দা আৰু তেওঁৰ ৰাছুল। আৰু আল্লাহ সকলো বস্তুৰ ওপৰত ক্ষমতাৱান।

مَّا ٱلۡمَسِيحُ ٱبۡنُ مَرۡيَمَ إِلَّا رَسُولٞ قَدۡ خَلَتۡ مِن قَبۡلِهِ ٱلرُّسُلُ وَأُمُّهُۥ صِدِّيقَةٞۖ كَانَا يَأۡكُلَانِ ٱلطَّعَامَۗ ٱنظُرۡكَيۡفَ نُبَيِّنُ لَهُمُ ٱلۡأٓيَٰتِ ثُمَّ ٱنظُرۡ أَنَّىٰ يُؤۡفَكُونَ

الأسامية | অসমীয়া

মৰিয়মৰ পুত্ৰ ঈছা মছীহ কেৱল এজন ৰাছুল। আন আন নবীসকলৰ দৰেই তেৱোঁ মৃত্যুবৰণকৰিব। আৰু তেওঁৰ মা মৰিয়ম আলাইহাচ ছালাম বহুত সত্যবাদী তথা আল্লাহৰ বিধানসমৰ্থনকাৰী আছিল। তেওঁলোক উভয়ে পানাহাৰ কৰিছিল, কাৰণ এইটো তেওঁলোকৰপ্ৰয়োজনীয় আছিল। তেন্তে কেনেকৈ তেওঁলোক উপাস্য হব পাৰে? হে ৰাছুল আপুনি অলপগভীৰভাৱে চিন্তা কৰি চাওঁকচোন! আমি কিমান স্পষ্ট ভাৱে ইহঁতৰ সন্মুখত এই কথাৰনিদৰ্শনসমূহ বৰ্ণনা কৰিছো যে, আল্লাহ একক। আনহাতে সিহঁতে আনক উপাস্য বনোৱাৰ যিঅভ্যাস পুহি ৰাখিছে, সেয়া যে ভ্ৰান্ত মতবাদ সেইটোও খণ্ডন কৰিছো। কিন্তু ইয়াৰ পিছতোসিহঁতে এইবোৰ নিদৰ্শনক অস্বীকাৰ কৰে। আপুনি গভীৰভাৱে চাওঁক, আল্লাহ যে একক, ইয়াৰস্পষ্ট নিদৰ্শনসমূহ পোৱাৰ পিছতো সিহঁতে সত্যৰ পৰা আঁতৰি গৈ আছে।

إِذۡ قَالَ ٱللَّهُ يَٰعِيسَى ٱبۡنَ مَرۡيَمَ ٱذۡكُرۡ نِعۡمَتِي عَلَيۡكَ وَعَلَىٰ وَٰلِدَتِكَ إِذۡ أَيَّدتُّكَ بِرُوحِ ٱلۡقُدُسِ تُكَلِّمُ ٱلنَّاسَفِي ٱلۡمَهۡدِ وَكَهۡلٗاۖ وَإِذۡ عَلَّمۡتُكَ ٱلۡكِتَٰبَ وَٱلۡحِكۡمَةَ وَٱلتَّوۡرَىٰةَ وَٱلۡإِنجِيلَۖ وَإِذۡ تَخۡلُقُ مِنَ ٱلطِّينِ كَهَيۡـَٔةِ ٱلطَّيۡرِبِإِذۡنِي فَتَنفُخُ فِيهَا فَتَكُونُ طَيۡرَۢا بِإِذۡنِيۖ وَتُبۡرِئُ ٱلۡأَكۡمَهَ وَٱلۡأَبۡرَصَ بِإِذۡنِيۖ وَإِذۡ تُخۡرِجُ ٱلۡمَوۡتَىٰ بِإِذۡنِيۖ وَإِذۡكَفَفۡتُ بَنِيٓ إِسۡرَـٰٓءِيلَ عَنكَ إِذۡ جِئۡتَهُم بِٱلۡبَيِّنَٰتِ فَقَالَ ٱلَّذِينَ كَفَرُواْ مِنۡهُمۡ إِنۡ هَٰذَآ إِلَّا سِحۡرٞ مُّبِينٞ

الأسامية | অসমীয়া

তথা স্মৰণ কৰা, যেতিয়া আল্লাহে ঈছা আলাইহিছ ছালামক সম্বোধন কৰি কৈছিলঃ হে মৰিয়মপুত্ৰ ঈছা! মোৰ অনুগ্ৰহসমূহ মনত পেলোৱা, মই তোমাক পিতৃ নোহোৱাকৈ জন্ম দিছিলো, লগতে তোমাৰ মাতৃ মাৰইয়ামৰ প্ৰতি মোৰ অনুগ্ৰহবোৰ মনত পেলোৱা, যেতিয়া মই তেওঁকতেওঁৰ যুগৰ মহিলাসকলৰ মাজৰ পৰা মনোনীত কৰিছিলো। লগতে মোৰ সেই অনুগ্ৰহকোমনত পেলোৱা, যেতিয়া মই তোমাক জিব্ৰীলৰ দ্বাৰা শক্তি প্ৰদান কৰিছিলো, আৰু কোলাতথকা অৱস্থাতেই তুমি কথা ক’ব পাৰিছিলা আৰু সিহঁতক আল্লাহৰ পিনে আহ্বান কৰিছিলা, লগতে বৃদ্ধা অৱস্থা লৈকে তুমি সিহঁতক আল্লাহৰ প্ৰতি আহ্বান কৰিছিলা। মই তোমাক আৰুএটা অনুগ্ৰহ কৰিছিলো এই যে, মই তোমাক লিখা শিকাইছিলো, লগতে তাওৰাতৰ জ্ঞানদিছিলো যিটো মুছা আলাইহিছ ছালামৰ প্ৰতি অৱতীৰ্ণ কৰা হৈছিল আৰু ইঞ্জীলৰ শিক্ষাদিছিলো যিটো স্বয়ং তোমাৰ ওপৰত অৱতীৰ্ণ হৈছে, লগতে মই তোমাক চৰীয়তৰ ৰহস্য, উপকাৰিতা তথা হিকমত শিকাইছিলো। তোমাৰ ওপৰত কৰা অনুগ্ৰহসমূহ অন্যতম এটাঅনুগ্ৰহ হৈছে এই যে, তুমি বোকা মাটিৰে চৰাইৰ আকৃতি বনাই তাত ফুঁ মাৰিছিলা আৰু সেইটোবাস্তৱত চৰাই হৈ গৈছিল। জন্মান্ধ তথা কুষ্ঠ ৰোগীসকলক তুমি সুস্থ কৰিছিলা, লগতে(আল্লাহৰ ওচৰত) দুআ কৰি তুমি মৃত ব্যক্তিকো জীৱিত কৰিছিলা। এই সকলোবোৰ মোৰঅনুমতিক্ৰমেই সম্ভৱ হৈছিল। মই তোমাৰ ওপৰত আৰু এটা অনুগ্ৰহ কৰিছিলো যে, যেতিয়াতুমি বনী ইছৰাঈলৰ ওচৰত স্পষ্ট নিদৰ্শন লৈ আহিছিলা, তেতিয়া সিহঁতে সেইটো অস্বীকাৰকৰিছিল আৰু তোমাক হত্যা কৰাৰ ষড়যন্ত্ৰ ৰচিছিল আৰু কৈছিল যে এয়া স্পষ্ট যাদু, তেতিয়াময়েই তোমাক সিহঁতৰ পৰা ৰক্ষা কৰিছিলো।

وَإِذۡ قَالَ ٱللَّهُ يَٰعِيسَى ٱبۡنَ مَرۡيَمَ ءَأَنتَ قُلۡتَ لِلنَّاسِ ٱتَّخِذُونِي وَأُمِّيَ إِلَٰهَيۡنِ مِن دُونِ ٱللَّهِۖ قَالَ سُبۡحَٰنَكَمَا يَكُونُ لِيٓ أَنۡ أَقُولَ مَا لَيۡسَ لِي بِحَقٍّۚ إِن كُنتُ قُلۡتُهُۥ فَقَدۡ عَلِمۡتَهُۥۚ تَعۡلَمُ مَا فِي نَفۡسِي وَلَآ أَعۡلَمُ مَا فِينَفۡسِكَۚ إِنَّكَ أَنتَ عَلَّـٰمُ ٱلۡغُيُوبِ

الأسامية | অসমীয়া

স্মৰণ কৰা, ক্বিয়ামতৰ দিনা যেতিয়া আল্লাহে ঈছা আলাইহিছ ছালামক সম্বোধন কৰি ক’ব, হেঈছা ইবনে মৰিয়ম! তুমি মানুহক কৈছিলা নেকি যে, আল্লাহক এৰি মোক আৰু মোৰ মাতৃকউপাস্য কৰি লোৱা, তেতিয়া ঈছা আলাইহিছ ছালামে আল্লাহৰ পৱিত্ৰতা বৰ্ণনা কৰি ক’ব, সত্যৰ বাহিৰে এনেকুৱা কথা কোৱা মোৰ বাবে উচিত নহয়। ধৰি লোৱা হওঁক যদি মই কৈছো, তেন্তে তুমি সেই বিষয়ে নিশ্চিত ভাৱে জানা, কিয়নো কোনো বস্তু তোমাৰ পৰা গোপন নহয়।মোৰ অন্তৰৰ গোপন বিষয় সম্পৰ্কেও তুমি অৱগত। কিন্তু তোমাৰ অন্তৰত কি আছে সেয়া মইনাজানো। কেৱল তুমিয়ে প্ৰত্যেক অদৃশ্য, প্ৰকাশ্য, অপ্ৰকাশ্য বিষয় সম্পৰ্কে জানা।