التصنيفات
القرآن الكريم

المختصر في التفسير অসমীয়া سورة [مريم]

وَٱذۡكُرۡ فِي ٱلۡكِتَٰبِ مَرۡيَمَ إِذِ ٱنتَبَذَتۡ مِنۡ أَهۡلِهَا مَكَانٗا شَرۡقِيّٗا

الأسامية | অসমীয়া

হে ৰাছুলআপোনাৰ প্ৰতি অৱতীৰ্ণ হোৱা কোৰআনত মৰিয়ম আলাইহাচ্ছালামৰ ঘটনা স্মৰণকৰক। যেতিয়া তেওঁ নিজ পৰিয়ালৰ পৰা পৃথক হৈ পূৱ ফালে অৱস্থিত এটা স্থানত অকলেবসবাস কৰিবলৈ লৈছিল।

فَٱتَّخَذَتۡ مِن دُونِهِمۡ حِجَابٗا فَأَرۡسَلۡنَآ إِلَيۡهَا رُوحَنَا فَتَمَثَّلَ لَهَا بَشَرٗا سَوِيّٗا

الأسامية | অসমীয়া

ফলত তেওঁ নিজৰ বাবে এখন তম্বু সাজি লৈছিল। যাতে তেওঁ যেতিয়া নিজ প্ৰতিপালকৰইবাদত কৰিব তেতিয়া তেওঁৰ সম্প্ৰদায়ৰ লোকসকলে তেওঁক প্ৰত্যক্ষ নকৰে। এইসময়ছোৱাতে আমি জিব্ৰীল আলাইহিচ্ছালামক তেওঁৰ ওচৰলৈ প্ৰেৰণ কৰিলোঁ। জিব্ৰীলআলাইহিচ্ছালাম তেওঁৰ ওচৰলৈ সম্পূৰ্ণৰূপে মানৱ আকৃতি ধাৰণ কৰি আগমণ কৰিলে। কিন্তুমৰিয়মে ভয় কৰিলেভাৱিলে কিবা বেয়া কৰ্ম কৰিব বিচাৰে নেকি।

قَالَتۡ إِنِّيٓ أَعُوذُ بِٱلرَّحۡمَٰنِ مِنكَ إِن كُنتَ تَقِيّٗا

الأسامية | অসমীয়া

যেতিয়া তেওঁ জিব্ৰীলক দেখা পালেতেওঁ এজন মানৱ ৰূপ ধাৰণ কৰি তেওঁৰ ফালে আগুৱাইআহি আছিল। তেতিয়া তেওঁ ক’লেঃ হে ব্যক্তিযদি তুমি এজন সদাচাৰী আৰু আল্লাহক ভয়কৰা তেন্তে শুনানিশ্চয় মই তোমাৰ অনিষ্টৰ পৰা অত্যন্ত কৃপাশীল আল্লাহৰ ওচৰত আশ্ৰয়বিচাৰোঁ।

قَالَ إِنَّمَآ أَنَا۠ رَسُولُ رَبِّكِ لِأَهَبَ لَكِ غُلَٰمٗا زَكِيّٗا

الأسامية | অসমীয়া

জিব্ৰীল আলাইহিচ্ছালামে ক’লেঃ মই মানৱ নহয়। নিশ্চয় মই তোমাৰ প্ৰতিপালকৰ তৰফৰপৰা প্ৰেৰিত এজন দূত। তেৱেঁই মোক তোমাৰ ওচৰলৈ প্ৰেৰণ কৰিছে। যাতে মই তোমাকএজন পাকপৱিত্ৰ সুসন্তান প্ৰদান কৰিব পাৰোঁ।

قَالَتۡ أَنَّىٰ يَكُونُ لِي غُلَٰمٞ وَلَمۡ يَمۡسَسۡنِي بَشَرٞ وَلَمۡ أَكُ بَغِيّٗا

الأسامية | অসমীয়া

মৰিয়মে আশ্চৰ্য প্ৰকাশ কৰি ক’লেঃ মোৰ কেনেকৈ সন্তান হ’বযিহেতু মোৰ পতি নাইআৰুমই কোনো পুৰুষৰো সংস্পৰ্শত আহা নাই। আনহাতে মই কোনো ব্যভিচাৰিণীও নহয় যেমোৰসন্তান হ’ব।

قَالَ كَذَٰلِكِ قَالَ رَبُّكِ هُوَ عَلَيَّ هَيِّنٞۖ وَلِنَجۡعَلَهُۥٓ ءَايَةٗ لِّلنَّاسِ وَرَحۡمَةٗ مِّنَّاۚ وَكَانَ أَمۡرٗا مَّقۡضِيّٗا

الأسامية | অসমীয়া

জিব্ৰীলে তেওঁক ক’লেঃ হয়আপুনি কোৱা কথাষাৰেই ঠিকআপোনাক স্বামীয়েও স্পৰ্শ কৰানাই তথা আন কোনো পুৰুষৰো সংস্পৰ্শত আপুনি অহা নাইআৰু আপুনি কোনোব্যভিচাৰিণীও নহয়। কিন্তু আপোনাৰ পৱিত্ৰ প্ৰতিপালকে কৈছেপিতৃ নোহোৱাকৈ সন্তান সৃষ্টিকৰা মোৰ পক্ষে তেনেই সহজ। আৰু আপোনাক প্ৰদান কৰা এই সন্তান মানুহৰ বাবে আল্লাহৰক্ষমতাৰ প্ৰতীক হ’বতথা আমাৰ ফালৰ পৰা আপোনাৰ বাবে আৰু মুমিনসকলৰ বাবে হ’বৰহমত। দৰাচলতে আপোনাৰ এই সন্তানৰ সৃষ্টিটো হৈছে আল্লাহৰ পূৰ্বনিৰ্ধাৰিত এটা সিদ্ধান্তযিটো লওহে মাহফুজত লিপিবদ্ধ আছে।

۞فَحَمَلَتۡهُ فَٱنتَبَذَتۡ بِهِۦ مَكَانٗا قَصِيّٗا

الأسامية | অসমীয়া

এতেকে ফিৰিস্তাই ফুঁ দিয়াৰ পিচত তেওঁ গৰ্ভৱতী হৈ গ’ল। ইয়াৰ পিচত তেওঁ মানুহৰ পৰা অতিদূৰৱৰ্তী এখন ঠাইত বাহৰ পাতিলে।

فَأَجَآءَهَا ٱلۡمَخَاضُ إِلَىٰ جِذۡعِ ٱلنَّخۡلَةِ قَالَتۡ يَٰلَيۡتَنِي مِتُّ قَبۡلَ هَٰذَا وَكُنتُ نَسۡيٗا مَّنسِيّٗا

الأسامية | অসমীয়া

ইপিনে তেওঁৰ প্ৰসৱ যন্ত্ৰণা বৃদ্ধি পালেআৰু ইয়াৰ ফলত তেওঁ এখন খেজুৰ গছৰ তলত গৈআশ্ৰয় ল’লেমৰিয়ম আলাইহাচ্ছালামে ক’লেঃ হায়মই যদি এই দিনটো দেখাৰ পূৰ্বেইমৃত্যুবৰণ কৰিলোহেঁতেনআৰু মই যদি এনেকুৱা বস্তুত পৰিণত হলোহেঁতেন যিটোউল্লেখযোগ্য একোৱে নহয়। ফলত মোৰ বিষয়ে কোনেও বেয়া ধাৰণা পোষণ কৰিবনোৱাৰিলেহেঁতেন।

فَنَادَىٰهَا مِن تَحۡتِهَآ أَلَّا تَحۡزَنِي قَدۡ جَعَلَ رَبُّكِ تَحۡتَكِ سَرِيّٗا

الأسامية | অসমীয়া

ঠিক সেই সময়তেই ঈছা আলাইহিচ্ছালামে তেওঁৰ ভৰিৰ দিশৰ পৰা মাত লগাই ক’লেঃ আপুনিনিৰাশ নহ’বআপোনাৰ প্ৰতিপালকে আপোনাৰ বাবে নিজৰা প্ৰবাহিত কৰিছেযাৰ পৰাআপুনি পানী খাব পাৰিব।

وَهُزِّيٓ إِلَيۡكِ بِجِذۡعِ ٱلنَّخۡلَةِ تُسَٰقِطۡ عَلَيۡكِ رُطَبٗا جَنِيّٗا

الأسامية | অসমীয়া

তথা খেজুৰ গছজোপাক জোকাৰি দিয়কচাব ওপৰৰ পৰা আপোনাৰ বাবে সতেজ আৰু পকাখেজুৰ সৰি পৰিব।

فَكُلِي وَٱشۡرَبِي وَقَرِّي عَيۡنٗاۖ فَإِمَّا تَرَيِنَّ مِنَ ٱلۡبَشَرِ أَحَدٗا فَقُولِيٓ إِنِّي نَذَرۡتُ لِلرَّحۡمَٰنِ صَوۡمٗا فَلَنۡ أُكَلِّمَٱلۡيَوۡمَ إِنسِيّٗا

الأسامية | অসমীয়া

এতেকে সতেজ খেজুৰ আৰু পানী খোৱাআৰু নৱজাতককলৈ মন শান্ত কৰা তথা দুখনকৰিবা। আনহাতে যদি কোনো মানুহ দেখা পোৱাসি যদি নৱজাতকৰ বিষয়ে কিবা সোধেতেন্তে তাক ক’বাঃ মই মোৰ প্ৰতিপালকৰ সন্তুষ্টি লাভৰ উদ্দেশ্যে কথা নোকোৱাৰ শপতখাইছো। সেয়ে আজি মই কাৰো লগত কথা নকওঁ।

فَأَتَتۡ بِهِۦ قَوۡمَهَا تَحۡمِلُهُۥۖ قَالُواْ يَٰمَرۡيَمُ لَقَدۡ جِئۡتِ شَيۡـٔٗا فَرِيّٗا

الأسامية | অসমীয়া

তাৰ পিচত মৰিয়মে যেতিয়া নিজৰ সন্তানকলৈ নিজ সম্প্ৰদায়ৰ ওচৰলৈ আহিলতেতিয়ামানুহে অসন্তুষ্টি ব্যক্ত কৰি ক’লেঃ হে মৰিয়মতুমি পিতৃহীন এজন সন্তান জন্ম দি বৰ ঘৃণনীয়কাম কৰিছা।

يَـٰٓأُخۡتَ هَٰرُونَ مَا كَانَ أَبُوكِ ٱمۡرَأَ سَوۡءٖ وَمَا كَانَتۡ أُمُّكِ بَغِيّٗا

الأسامية | অসমীয়া

হে হাৰূণৰ দৰে ইবাদতকাৰী মহিলা (হাৰূণ এজন সদাচাৰী ব্যক্তি আছিল)তোমাৰ পিতৃতোকেতিয়াও ব্যভিচাৰী নাছিলআনকি তোমাৰ মাকো বেয়া স্বভাৱৰ নাছিল। নিশ্চয় তুমিসদাচাৰীত প্ৰসিদ্ধ এখন ঘৰৰ মহিলা। তেনেহ’লে কেনেকৈ তুমি পিতৃ নথকা এজন শিশু লৈআহিলা?

فَأَشَارَتۡ إِلَيۡهِۖ قَالُواْ كَيۡفَ نُكَلِّمُ مَن كَانَ فِي ٱلۡمَهۡدِ صَبِيّٗا

الأسامية | অসমীয়া

এই শুনি মৰিয়মে তেওঁৰ কোলাত থকা শিশুৰ প্ৰতি ইঙ্গিত কৰিলেসম্প্ৰদায়ৰ লোকসকলেআশ্চৰ্য প্ৰকাশ কৰি ক’লেঃ কোলাত থকা এজন শিশুৰ সৈতে কেনেকৈ আমি কথা ক’ম?

قَالَ إِنِّي عَبۡدُ ٱللَّهِ ءَاتَىٰنِيَ ٱلۡكِتَٰبَ وَجَعَلَنِي نَبِيّٗا

الأسامية | অসমীয়া

ইপিনে ঈছা আলাইহিচ্ছালামে ক’লেঃ নিশ্চয় মই আল্লাহৰ বান্দাতেওঁ মোক ইঞ্জিল প্ৰদানকৰিছে আৰু মোক তেওঁৰ নবীসকলৰ অন্তৰ্ভুক্ত কৰিছে।

وَجَعَلَنِي مُبَارَكًا أَيۡنَ مَا كُنتُ وَأَوۡصَٰنِي بِٱلصَّلَوٰةِ وَٱلزَّكَوٰةِ مَا دُمۡتُ حَيّٗا

الأسامية | অসমীয়া

মই য’তেই নাথাকোঁ কিয়মোক মানুহৰ বাবে লাভদায়ক বনাইছে। তথা আজীৱন মোক ছালাতআদায় কৰাৰ আৰু যাকাত প্ৰদান কৰাৰ আদেশ দিছে।

وَبَرَّۢا بِوَٰلِدَتِي وَلَمۡ يَجۡعَلۡنِي جَبَّارٗا شَقِيّٗا

الأسامية | অসমীয়া

তেওঁ মোক মাকৰ প্ৰতি সদাচৰণকাৰী বনাইছে। তথা তেওঁ মোক মোৰ প্ৰতিপালকৰআনুগত্যৰ ক্ষেত্ৰত অহংকাৰী বনোৱা নাই আৰু অবাধ্যও বনোৱা নাই।

وَٱلسَّلَٰمُ عَلَيَّ يَوۡمَ وُلِدتُّ وَيَوۡمَ أَمُوتُ وَيَوۡمَ أُبۡعَثُ حَيّٗا

الأسامية | অসমীয়া

তথা মোক চয়তানৰ আৰু তাৰ সহায়কৰ পৰা সুৰক্ষা প্ৰদান কৰা হৈছেযিদিনা মই জন্ম গ্ৰহণকৰিছোঁ আৰু যিদিনা মই মৃত্যুবৰণ কৰিম আৰু কিয়ামতৰ দিনা যেতিয়া মোক পুনৰুত্থিত কৰাহ’ব। এই তিনিটা কঠিন সন্ধিক্ষণত চয়তানে মোক প্ৰভাৱিত কৰিব নোৱাৰিব।

ذَٰلِكَ عِيسَى ٱبۡنُ مَرۡيَمَۖ قَوۡلَ ٱلۡحَقِّ ٱلَّذِي فِيهِ يَمۡتَرُونَ

الأسامية | অসমীয়া

উক্ত বিশেষণেৰে বিশেষিত ব্যক্তি গৰাকীয়ে হৈছে ঈছা আলাইহিচ্ছালাম। এইটোৱেই হৈছেতেওঁৰ বিষয়ে সত্য বাৰ্তা। সেইটো কেতিয়াও সত্য নহয় যিটো পথভ্ৰষ্টসকলে তেওঁৰ বিষয়েসন্দেহ পোষণ কৰি কয় আৰু মতভেদ সৃষ্টি কৰে।

مَا كَانَ لِلَّهِ أَن يَتَّخِذَ مِن وَلَدٖۖ سُبۡحَٰنَهُۥٓۚ إِذَا قَضَىٰٓ أَمۡرٗا فَإِنَّمَا يَقُولُ لَهُۥ كُن فَيَكُونُ

الأسامية | অসমীয়া

সন্তান গ্ৰহণ কৰা আল্লাহৰ মৰ্যাদাৰ পক্ষে অনুচিত। তেওঁ ইয়াৰ পৰা পৱিত্ৰ তথা পাক। তেওঁযেতিয়া কোনো এটা কাম কৰিব বিচাৰে তেতিয়া পৱিত্ৰ আল্লাহৰ বাবে কেৱল এইখিনি কথাইযথেষ্ট যে ‘হ’ ফলত সেইটো অনিবাৰ্যৰূপে হৈ পৰে। এতেকে এনেকুৱা ক্ষমতাধাৰী সত্ত্বাৰসন্তানৰ কি প্ৰয়োজনতেওঁ ইয়াৰ পৰা পৱিত্ৰ।