وَمَرۡيَمَ ٱبۡنَتَ عِمۡرَٰنَ ٱلَّتِيٓ أَحۡصَنَتۡ فَرۡجَهَا فَنَفَخۡنَا فِيهِ مِن رُّوحِنَا وَصَدَّقَتۡ بِكَلِمَٰتِ رَبِّهَا وَكُتُبِهِۦوَكَانَتۡ مِنَ ٱلۡقَٰنِتِينَ
الأسامية | অসমীয়া
আল্লাহৰ প্ৰতি ঈমান পোষণকাৰী আৰু তেওঁৰ ৰাছুলৰ প্ৰতি ঈমান পোষণকাৰী সকলৰ বাবেআল্লাহে মাৰয়াম বিন্তে ইমৰাণৰ উদাহৰণ দাঙি ধৰিছে, যিয়ে নিজৰ লজ্জাস্থান ব্যভিচাৰৰ পৰাসুৰক্ষিত ৰাখিছিল। তেতিয়া আল্লাহে জিব্ৰীলক তেওঁৰ ভিতৰত ফুঁ মাৰিবলৈ আদেশ দিলে।ফলত তেওঁ আল্লাহৰ আদেশত ঈছা আলাইহিছ ছালামক পিতৃ অবিহনেই গৰ্ভত ধাৰণ কৰিলে।তথা তেওঁ আল্লাহৰ চৰীয়তক আৰু ৰাছুলৰ ওপৰত অৱতীৰ্ণ কিতাপসমূহক সত্য বুলি মানিলৈছিল। আৰু তেওঁ আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰতথাকি তেওঁৰ আনুগত্যকাৰী সকলৰ অন্তৰ্ভুক্ত আছিল।